কিয় বিদেশী পৰ্যটকে বাতিল কৰিছে ভাৰত ভ্ৰমণ?



নাগৰিকত্ব সংশোধনী আইন কেন্দ্র কৰি অব্যাহত থকা আন্দোলন আৰু হিংসাত্মক প্রতিবাদৰ ফলত ভাৰতৰ পর্যটন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে। বিদেশী পর্যটক সকলেই এতিয়া ভাৰত ভ্ৰমণ ৰ ক্ষেত্ৰত চিন্তা কৰিব লগীয়া হৈছে। ভাৰতৰ ট্ৰেভেল এজেণ্টছ এছ’চিয়েচনৰ সভানেত্রী জ্যোতি মায়ালে সংবাদ প্রতিষ্ঠানক জনােৱা মতে ভাৰতৰ সাম্প্রতিক পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্ন বিদেশী পর্যটক সকলে বাৰংবাৰতা ফোনযােগে জানিব বিচাৰিছে। কাবিৰােধী প্রতিবাদৰ ফলত বহু পর্যটকে প্রস্তাৱিত ভাৰত ভ্রমণ বাতিল কৰা বুলিও সভানেত্রী গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে কিছুদিন আগে। ভাৰতৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আমেৰিকা,ব্রিটেইন, কানাডা, ইউ এ ই আৰু অষ্ট্রেলিয়াকে ধৰি বহু ৰাষ্ট্রই ভাৰতলৈ আহিবলৈ ইচ্ছা কৰা পর্যটকসকলক সতর্ক কৰি দি কৈছিল যাতে তেওঁলােকে ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হয়। অসমকে কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত নাগৰিক সকলৰ ভ্ৰমণ

|ক্ষেত্ৰত এই দেশসমূহে চিন্তা ব্যক্ত কৰিছে আৰু পৰাপক্ষত এনে পৰিস্থিতিৰ পৰা আঁতৰত থাকিবলৈ সকীয়াই দিছে। ভ্ৰমণৰ বাবে সাধাৰণতে অনুকূল হিচাপে চিহ্নিত সময়ছােৱাতে ভাৰতত এইবাৰ কা‘বিৰোধী হিংসাত্মক প্রতিবাদ ৰ বাবে হ্রাস পাচ্ছে বিদেশি পর্যটক। দিল্লির বিভিন্ন কীৰ্তিচিহ্ন, আগ্রাৰ তাজমহল, কলকাতা, বেঙ্গালুৰু, চেন্নাই, মহারাষ্ট্র ধৰ্ম দেশৰ পর্যটন আকর্ষণীয় স্থানসমূহ এইবাৰ হ্রাস পাচ্ছে পর্যটক সংখ্যা।


এনে পৰিস্থিতি ভাৰত ভ্ৰমণৰ বাবে পৰিকল্পনা কৰা বিভিন্ন দেশৰ নাগৰিকসকলে বিকল্প স্থান হিচাপে বাছি লৈ আবুধাবি, দুবাই, ভুটান, শ্রীলংকা, ছিংগাপুৰ, থাইলেণ্ড আৰু মালয়েছিয়া আদিৰ দৰে দেশ। উল্লেখ্য যে ২০১৮ বৰ্ষত পর্যটনৰ জৰিয়তে ভাৰতে অর্জন কৰিছিল ১৬.৯১ লাখ কোটি টকা। যি আছিল ভাৰতৰ মঠ ঘৰুৱা উৎপাদনৰ ৯.২ শতাংশ। কিন্তু চলিত বৰ্ষত ভাৰতত যােৱা কিছুদিন ধৰি চলি থকা কাবিৰােধী প্রতিবাদৰ ফলত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা স্পষ্ট হল।

(সংগ্ৰহ:-নিয়মীয়া বাৰ্তা)

Post a Comment

Previous Post Next Post